১২ লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে কৃষি কৰ্মত ব্যস্ত ঢকুৱাখনাৰ তিনি কৃষক।
বিগত দুটা বছৰে লকডাউনৰ ফলত উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাত মনোনিবেশ কৰে ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ তিনি কৃষকে।
সোণাৰি চাপৰিৰ মিলন নগৰৰ প্ৰশান্ত চুতীয়া আৰু ভাতৃ পৰমানন্দ খনিকৰে মাটি লীজত লৈ গাঁঠিৰ ধন ভাঙি প্ৰায় ১৩ বিঘা মাটিত কৰিছে বন্ধা কবি, ফুল কবি, বিলাহী, জলকীয়া, ডাংবদি, বেঙেনা, পেপচিগাম খেতি।
প্ৰফুল্ল পেগু, মামাকৰ দুজন ব্যক্তি আৰু পৰিয়ালৰ সকলোৱে লগ হৈ গাঁঠিৰ ধন ভাঙি কঠোৰ পৰিশ্ৰমৰে কৃষি কৰ্মত আত্মনিয়োগ কৰিছে এইসকল কৃষকে।
১২ লাখ টকা উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰা এইসকল কৃষকে আন দহজন যুৱকক দেখুৱাইছে আদৰ্শ।