অসমৰ শিক্ষামন্ত্ৰী ড: ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজি গোগামুখত সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ বিশাল জাগৰণ সভা ও প্ৰতিবাদী কাৰ্যসূচী।
বঙাইগাঁওত অসম মন্ত্ৰী সভাৰ দ্বিতীয়খন কেবিনেট বৈটক চলি থকাৰ প্ৰাকমুহূৰ্তত গোগামুখ
বালিকা জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক
কৰ্মচাৰী সংস্থাৰ উদ্যোগত আৰু ধেমাজি,লখিমপুৰ,মাজুলী তিনিওখন জিলাৰ অ-
প্ৰাদেশীকৃত শিক্ষকৰ সহযোগত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ আইন ২০১৭-১৮
সংশোধনীৰ পূৰ্ণ সংশোধণৰ দাবীত "বিশাল জাগৰণ সভা ও প্ৰতিবাদী কাৰ্যসূচী" গ্ৰহণ কৰে।
বিদ্যালয় প্ৰাদেশীকৰণ আইন-২০১৮ (সং)-ক আওকাণ কৰি বঞ্চিত শিক্ষানুষ্ঠান সমূহক আগন্তুক ৰাষ্ট্ৰীয়
শিক্ষা নীতিত অন্তৰ্ভুক্ত কৰি শিক্ষক-কৰ্মচাৰীসকলৰ ভৱিষ্যত জীৱন সু-নিশ্চিত কৰিবলৈ শিক্ষা বিভাগ
তথা অসম চৰকাৰক দাবী উত্থাপন কৰে সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাই।
অন্যথা আত্মহননৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হব বুলি অসম চৰকাৰক হুংকাৰ প্ৰদান কৰে সদৌ অসম
অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাই।