দেশতকৈ মোমাই ডাঙৰ নহয় " অসম আৰু অসমীয়াৰ হৈ মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত নিজ পৰাক্ৰম , বীৰত্ব আৰু স্বদেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰা আহোম স্বৰ্গদেউৰ সৰ্বকালৰ বিচক্ষণ সেনাপতি লাচিত বৰফুকনৰ স্মৃতি দিৱস অৰ্থাৎ লাচিত দিৱস ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে জোনাই চ্যাও-চেঙ-ৰেণত সদৌ তাই আহোম ছাত্ৰ সন্থা জোনাই আঞ্চলিকসমিতিৰ উদ্যোগত উদযাপন কৰে ।
পুৱাৰ ভাগত পতাকা উত্তোলন লগতে টাই ধৰ্মীয় গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত টাইসকলৰ উপৰি পুৰুষসকলক শ্ৰদ্ধা জনায় বিভিন্নজনে I
ইপিনে বুধবাৰে অনুষ্ঠিত হোৱা লাচিত দিৱসৰ কাৰ্যসূচীতে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি
উন্মোচন কৰা হয় I সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোঁহাই আৰু মিচিং স্বায়ত্ব-শাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাঙে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰে I