১৯৪৭ চনৰ ৩০ নবেম্বৰ অৰ্থাৎ আজিৰ তাৰিখতে মৃত্যু হৈছিল জননেতা ভীমবৰ দেউৰীৰ ৷ আজিৰ ৭৪ সংখ্যক মৃত্যু জয়ন্তীত তেখেতক শ্রদ্ধাৰে সোঁৱৰিছো ৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক পূব পাকিস্তান (গ্ৰোপ চি) ৰ পৰা ৰক্ষা কৰিলে ৷ লৰ্ড ৱাভেল, মঃ আলী জিন্নাক অসম তথা উঃপূঃক পূৱ পাকিস্তান (বাংলাদেশ)ত অন্তভূৰ্ক্তিকৰণৰ কুচক্ৰান্তক বিফল কৰাই মহাত্মা গান্ধী, চৰ্দাৰ বল্লৱভাই পেটেল, জৱাহৰলাল নেহৰুৰ ভাৰত (ইণ্ডিয়া)ৰ অংগৰাজ্য কৰণত সফলতা লাভ কৰিলে জননায়ক ভীমবৰ দেউৰী আৰু নিকলচ ৰয়ে ৷ সংবিধান প্ৰণেতা ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰ আৰু সংবিধান খচৰা প্ৰণয়ন সমিতিক অসমৰ অনুসূচিত জনজাতি, জাতিৰ পৃথক জনসংখ্যা ১৯৪৩ ৰ চেনচাচ কৰি এই উপেক্ষিত-বঞ্চিত-শোষিত জাতি-জনজাতিসকলৰ বাবে ৰাজনৈতিক অধিকাৰ, চৰকাৰী খণ্ডত আসন সংৰক্ষণ, সংৰক্ষিত মাটিৰ অধিকাৰৰ সুৰক্ষা প্ৰদানত গুৰুত্ব, ট্ৰাইবেল বেল্ট-ব্লক'ৰ সুৰক্ষাৰ ব্যৱস্থা, ৰাজনৈতিক ক্ষেত্ৰত বিধানসভা-লোকসভা-ৰাজ্যসভাৰ আসন অনুসূচিত জনজাতি-জাতিৰ বাবে সংৰক্ষণ কৰাৰ বাবে এচটি-এচচি-অবিচি-জেনেৰেল আৰু অন্যান্য পিছপৰা শ্ৰেণী , এচটি চিট'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ ৰাজ্যসভা-লোকসভা উভয় সংসদৰ এমপি, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ কেবিনেট মিনিষ্টাৰ, ৰাজ্যিক-স্বতন্ত্ৰ মন্ত্ৰী, উচ্চসদনৰ বিধায়কসকল ৰাজভোগ কৰিবলৈ ভাগ্য উদয় হ'ল ৷ ইয়াৰোপৰি চিস্কট চ্যিডিউল, অ'টনমাচ ডিষ্ট্ৰিক্ট, বড়োৰ বি.টি.চি, কাৰ্বিৰ কে.এ.চি, ডিমাচাৰ ডিমা হাচাও, মিচিংৰ এম.এ.চি, ৰাভাৰ ৰাভা হাচং, দেউৰীৰ দি.এ.চি, সোনোৱালৰ এচ.এ.চি, তিৱাৰ তি.এ.চি, আৰু অন্যান্য জনজাতি-জাতি সকলৰ ডেৱলপমেন্ট কাউঞ্চিল, বোৰ্ড ইত্যাদিৰে চিইচি-চিইএম, ইচি-ইএম-জিএম সকল সুবিধা ভোগ কৰিবলৈ সক্ষম হ'ল ৷ তদুপৰি অসম ট্ৰাইবেল লীগৰ প্ৰাক্তন সাধাৰণ সম্পাদক, অসমৰ প্ৰাক্তন বন-পৰিৱেশ মন্ত্ৰী, উচ্চসদনৰ বিধায়িনী সদস্য জননায়ক ভীমবৰ দেউৰীৰ সৱল নেতৃত্বৰ ফলত ট্ৰাইবেল কাষ্ট চাৰ্টিফিকেট, স্কুলাৰশ্বিপ ইত্যাদি প্ৰচলন ৷ কিন্তু ইমানখিনি চিষ্টেম কৰি দিয়াৰ ৰাস্তা দেখুৱাই দিয়াৰ পিছতো আমাৰ চিষ্টেমৰ মাজত অংশীদাৰী হৈ থকা সকলে কি দিছে জননেতা ভীমবৰ দেউৰীক ? মেধাৱী সকলৰ বাদে বাকী এচটি-এচচি চিট ৰিজাৰ্ভেচন ইত্যাদিৰ জৰিয়তে কাৰোবাৰ ল'ৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজত এডমিশ্যন, চৰকাৰী চাকৰি ক্ষেত্ৰত কোঠাৰ আধাৰত পষ্টিং, আইএছ, আইপিএছ, এচিএছ, এপিএছ, ডিচি-এছপি, আয়ুক্ত-সচিব, মুখ্যসচিব-প্ৰধানসচিব, সঞ্চালক-উচ্চপদস্থ বিষয়াৰ প্ৰমোশ্যন, ব্যৱসায়তো সংৰক্ষণৰ ব্যৱস্থাৰে কোটিপতি হোৱাৰো ৰাস্তা দেখুৱাই থৈ গ'ল অসমবাসীক এইগৰাকী অসমৰ ভূমিপুত্ৰ জননেতা ভীমবৰ দেউৰীয়ে ৷
আহক প্ৰসিদ্ধ আইনজ্ঞ, মুক্তিযুঁজাৰু তথা জননেতা ভীমবৰ দেউৰীৰ প্ৰতি নিঃস্বাৰ্থভাৱে সশ্ৰদ্ধ স্মৰণ কৰো সকলোৱে ৷
Tags:
Education Motivational