অখিল গগৈয়ে কয়,পুনৰ আৰম্ভ হ’ব ‘কা’ আন্দোলন
দ্বিতীয় মৃত্যু তিথিত ছেম ষ্টেফৰ্ডৰ বাসগৃহত অখিল গগৈয়ে কয়, অসমবাসীৰ পৰা
দান–বৰঙণি তুলি পঞ্চ শ্বহীদৰ পৰিয়ালক দিব আৰ্থিক সাহায্য। ‘কা’ আন্দোলনৰ
পঞ্চ শ্বহীদৰ পৰিয়ালক অৰ্থ সাহায্য দিবলৈ অখিল গগৈয়ে তুলিব দান–বৰঙণি।
চৰকাৰে ইচ্ছাকৃতভাৱে সত্যৰঞ্জন বৰা আৰু আনিনুল ইছলামৰ দৰে পোহনীয়াক
লগাই আছে বুলিও মন্তব্য অখিল গগৈৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা
কৰি অখিল গগৈয়ে কয়, অনন্ত কাললৈ হিন্দুসকল অসমলৈ অহাটো বিচাৰে
মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে। অনন্ত কাললৈ হিন্দু আনিবৰ বাবেই CAA অনা হৈছে।
অখিল গগৈয়ে কয়, অসম চৰকাৰৰ ধাৰ বৰ্তমান ১ লাখ কোটি টকাতকৈ অধিক।
টকাৰ অভাৱত অসমত কাম–কাজ নোহোৱা হৈছে। এই কথাবোৰ লুকুৱাবৰ বাবে
সত্যৰঞ্জন আৰু আমিনুলক লগাই দিয়া হৈছে।
Tags:
Assam news