আজি বছৰৰ প্ৰথমটো দিন
ৰাজ্যবাসীয়ে পুৰণিক বৰ্ষক বিদায় জনাই ২০২২ নৱবৰ্ষক আদৰণি জনালে
যত আপোনজনৰ সৈতে মাছে মঙহে এসাঁজ খায় স্ফূৰ্তি কৰি
বিদায় জনালে ২০২১ বৰ্ষক
তাৰ মাজতে বছৰৰ শেষৰটো শুক্ৰবাৰে শিক্ষাৰ্থী সকলৰ উপযোগীকৈ বিশিষ্ট লেখক,কবি,মিচিং আগম কেবাঙৰ প্ৰাক্তন কোষাধ্যক্ষ কবি ভৱ দলেৰ সংগৃহীত তথ্য সম্বলিত এখন মিচিং আৰু অসমীয়া ভাষাত লিখা "Kingo-2021" নামৰ অষ্টম সংস্কৰণৰ এখনি সাধাৰণ জ্ঞানৰ কিতাপ আজি ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ৰ পুথিভঁৰাল কক্ষত উন্মোচন কৰা হয়।
গ্ৰন্থখন উন্মোচন কৰে মিচিং আগম কেবাঙৰ কোষাধ্যক্ষ মহেন্দ্ৰ চিন্তে
মিচিং সমাজৰ সাহিত্য, সাংস্কৃতিক, শিক্ষা, ৰাজনীতি আৰু সামাজিক বিষয় সম্বলিত গ্ৰন্থখন পঢ়ি শিক্ষাৰ্থী সকল উপকৃত হব পাৰিব বুলি আশা প্ৰকাশ কৰিছে লেখক ভৱ দলেয়ে
সভাত উপস্থিত থাকে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন বটা প্ৰাপ্ত কালিনাথ পাংগিং,মিচিং আগম কেবাঙৰ প্ৰাক্তন সদস্য টুনিৰাম মেদক,TMMKৰ প্ৰাক্তন সভানেত্ৰী ভানুমতী পেগু দলেৰ লগতে অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।