নৈপৰীয়া অঞ্চলত বাঁহৰ দলং নিৰ্মাণ, চৰকাৰক বাৰে বাৰে কৰিছিল অনুৰোধ । কানষাৰ নিদিলে চৰকাৰে।
মাজুলীৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সৌজন্যত সামাজিক দায়িত্ববোধৰ এক দৃষ্টিনন্দন চানেকীৰে কমলাবাৰী ফেৰী ঘাট সংযোগী পথ আৰু খোৰাহোলাকে মুখ্য কৰি প্ৰায় বাৰখন নৈপৰীয়া গাঁৱক সংযোগ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰা হয়। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মাজুলী মহাবিদ্যালয় গোটৰ কাৰ্যক্ৰম বিষয়া, অধ্যাপক ডঃ অৰূপ বুঢ়াগোহাঁইৰ নেতৃত্বত প্ৰায় কুৰিজনৰো অধিক শিক্ষাৰ্থী-স্বেচ্ছাসেৱকে স্থানীয় গাঁওবাসীৰ সহযোগত প্ৰায় দহদিনীয়া বিশেষ শ্ৰমদানেৰে নিৰ্মাণ কৰি উলিওৱা দলংখন আজি ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। দলংখনৰ উদ্বোধনৰ নিমিত্তে কমলাবাৰী ঘাটৰ সমীপত আয়োজন কৰা সভাত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই আনুষ্ঠানিকভাবে ফিটা কাটি দলংখন মুকলি কৰি মহাবিদ্যালয়ৰ এন এছ এছ গোটে লোৱা পদক্ষেপৰ শলাগ লয় আৰু গোটটোৱে সময়ে-সময়ে পালন কৰি অহা সামাজিক দায়িত্ববোধৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে প্ৰায় ৩২ মিটাৰ দৈঘ্যৰ এই দলংখনে নৈপৰীয়া ভালেকেইখন গাঁৱৰ ৰাইজৰ যোগাযোগ ব্যৱস্থাত বিশেষভাৱে সহায় কৰিব বুলি উল্লেখ কৰে। মানুহে সমাজ সেৱাৰ শিক্ষা কিশোৰকালতেই লাভ কৰে বুলি প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানসমূহত যুক্ত হৈ থকা ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে শিক্ষাৰ্থীসকলক সমাজ সেৱা কৰাৰ আদিপাঠ শিকায়। সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়া, মহাবিদ্যালয় এন চি চিৰ তত্ত্বাৱধায়ক অধ্যাপক আচাৰ্য মোহন দাস, অধ্যাপক ডঃ আমিনুল ইছলাম, বিজয় টিমুং, স্থানীয় বিশিষ্ট ব্যক্তি সুভাষ হাজৰিকা, ৰবীন দাস প্ৰমুখ্যে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় গাওঁৰক্ষী বাহিনীৰ লোকসকল উপস্থিত থাকে । ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মাজুলী মহাবিদ্যালয়ৰ গোটে গ্ৰহণ কৰা সমাজহিতৈষী এনে অনুকৰণীয় পদক্ষেপৰ বাবে স্থানীয় গাঁওবাসী ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰিছে ।