অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ ভূমি কেলেংকাৰী সন্দৰ্ভত কোকৰাঝাৰত কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদল
কোকৰাঝাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ ভূমি কেলেংকাৰী সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছৰ কৰ্মীসকল ।কোকৰাঝাৰ ৰনেন্দ্ৰ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই কোকৰাঝাৰ জিলা উপায়ক্তৰ জৰিয়তে অসমৰ ৰাজ্যপালৈ তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে । আজিৰ সমদলত অসমৰ মূখ্য মন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ তদন্ত লাগে , অসম চৰকাৰ হায় , হায় হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বজেপি গোবেগ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । উক্ত সমদলক নেতৃত্ব দিয়ে দ্বীপ মজিন্দাৰ বৰুৱা অসম প্ৰদেশ কংগ্ৰেছ দলৰ পৰ্যাবেক্ষকে, লগতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছ কমিটীৰ জেষ্ঠ্য মুখ্য গৰ্জন মুছাহাৰী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিমল মণ্ডলৰ। সমদলত কংগ্ৰেছ দলৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে ।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও,প্ৰফুল্ল কুমাৰ দাস।
Tags:
Assam news