Share on Facebook

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ মহোৎসৱ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন।

 ঢকুৱাখনা মহকুমাৰ ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ মহোৎসৱ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন। 

বাৰে ৰহনীয়া সাংস্কৃতিক শোভা যাত্ৰা প্ৰদৰ্শন। 



পুৱাই গুৰু বন্দনাৰ পিছতে ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি- বিধায়ক নৱ কুমাৰ দলেয়ে। শংকৰদেৱ শিশু নিকেতনৰ তোৰণৰ আধাৰশিলা স্হাপনৰ পিছতে ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তীৰ্থনাথ বৰুৱাই। শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে সাংস্কৃতিক শোভাযাত্রাত শিশু কৃষ্ণ, গোপ বালক, হনুমান, শিৱ, পাৰ্বতী, গোপিনী, বিহু, মিচিং, তিৱা আদি বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ পিন্ধি নৃত্য,  গায়ন-বায়ন, কলচী লৈ আয়তিৰ আদি ভাৱত অংশ গ্ৰহণ কৰে। নিকেতনৰ শিক্ষাৰ্থী সকলৰ লগতে পৰিচালনা সমিতিৰ বিয়য়ববীয়া, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মাতৃ সমাৰোহ সমিতি, অভিভাৱক- অভিভাৱিকাই শোভাযাত্রাত অংশ গ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলে। প্ৰায় চাৰি শতাধিক লোকেৰে উখল-মাখল হৈ পৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم