ঢকুৱাখনাৰ সোণাৰি চাপৰিত ক'ভিড যুদ্ধাক সম্বৰ্ধনা।
আজি ঢকুৱাখনাৰ সোণাৰি চাপৰি গাওঁ পঞ্চায়তৰ উদ্যোগত পঞ্চায়তৰ কাৰ্যালয়ত দেশত সন্ত্ৰাস সৃষ্টি কৰা মহামাৰী ক'ভিড যুদ্ধাসকলক কৃতজ্ঞতা হিচাবে সম্বৰ্ধনা জনোৱা হয়।
পঞ্চায়তৰ কাৰ্যালয়ত আয়োজিত সম্বৰ্ধনা সভাত সোণাৰি চাপৰি গাওঁ পঞ্চায়তৰ সচিব কল্যাণ দত্তৰ নেতৃত্বত, বৃহত্তৰ সোণাৰি চাপৰি অঞ্চলত ক'ভিডৰ সময়ত ৰাইজৰ বাবে নিষ্ঠাৰে কাম কৰা ২০ গৰাকী স্বাস্থ্য কৰ্মী, অংগনাবাড়ী আৰু আশা কৰ্মীসকলক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
Tags:
Assam news