হেলেমৰ বুৰৈ পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত ।খাই গছকি তহিলং কৰিলে আলু খেতি।
হেলেমৰ কুৰুৱা পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। প্ৰায় ৭০ - ৮০ জনীয়া হাতীৰ জাকে খাই গছকি তহিলং কৰিলে কপালৰ ঘাম মাটি কৰি খেতিয়কে কৰা আলু খেতি। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা হাতীৰ জাকে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশ সৃষ্টি কৰি আহিছে। ইতিমধ্যে কেইবাখনো ঘৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পলাইছিল হাতীৰ জাকটোৱে। এতিয়া সমগ্ৰ অঞ্চলৰ ৰাইজে হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে। অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে।
Tags:
Assam news