উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢালিগাঁও প্ৰাথমিক শাখাৰ অধিৱেশন সফল সামৰনি।
উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয়, সাহিত্য,সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত বঙাইগাঁও শোধনাগাৰ আৰু পে'ট্ৰ'ৰাসায়নিক প্ৰকল্পৰ টাউনশ্বিপ নগৰী ঢালিগাঁও প্ৰাথমিক শাখাৰ ৩০তম বাৰ্ষিক অধিৱেশনখন এইবাৰ কোভিড মহামাৰী সৃষ্ঠ পৰিৱেশৰ বাবে অনুস্থূপিয়াকৈ অনুষ্ঠিত হয় । প্ৰাপ্ত বাতৰি মতে আজি ৰাতিপুৱা ৯.০০বজাত প্ৰাথমিক শাখাৰ সভাপতি দুলেশ্বৰ দাস বাপে ধৰ্মৰ ধ্বজা উত্তোলন কৰাৰ পিছত নামঘৰীয়া হৰিপ্ৰসাদ ৰায় বাপৰ পৰিচালনাত নামপ্ৰসংগ অনুষ্ঠিত হয় ।ইয়াৰ পিছত সভাপতি দুলেশ্বৰ দাস বাপৰ সঞ্চালনাত অনুষ্ঠিত হয় এক সাধাৰণ সভা ।উক্ত সভাৰ প্ৰাথমিক শাখাৰ সম্পাদক নৰমোহন কলিতা বাপে উদ্দেশ্য বাখ্যা কৰাৰ পিছত বিভিন্ন দিশত আলোচনা অনুষ্ঠিত হয় । সভাত জিলা সাংস্কৃতিক শাখাৰ সভাপতি ৰামেশ্বৰ মালাকাৰ বাপে,ৰবীন্দ্ৰনাথ দাস বাপে ভাষণ আগবঢ়োৱাৰ লগতে বিভিন্ন দিশ আলোচনাৰ অন্তত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা বুলি বাটৰিটোত প্ৰকাশ।