বিশ্বনাথ জিলাৰ নদুৱাৰ সংগীত বিদ্যাপীঠত ভাকুটকুটীয়া বেতগুটিৰ সতীৰ্থ মহামিলন।
উদ্বিগ্নতা সময় কটাবলৈ নহয়। উপভোগৰ বাবেহে জীৱন। অকৃত্ৰিম হাঁহিৰ মাজতেই লুকাই আছে জীৱনৰ মহামন্ত্ৰ। এই আদৰ্শ আগত ৰাখি ৰসিক যুৱক চিত্তৰঞ্জন বৰুৱাই সামাজিক মাধ্যমত সৃষ্টি কৰিছিল ভাকুটকুটীয়া বেতগুটি নামৰ এটা গোট। আত্মপ্ৰকাশতে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা এই গোটৰ সদস্য সদস্যাৰ সংখ্যা কুৰি হাজাৰৰ ওচৰত পাইছেগৈ। অসম তথা অন্যান্য ৰাজ্যৰ লগতে বিদেশটো শিপাইছেগৈ এই গোটৰ সদস্য সদস্যা। গোটৰ সদস্য সদস্যা সকলক একত্ৰিত কৰিবলৈ বিশ্বনাথ জিলাৰ নদুৱাৰ সংগীত বিদ্যাপীঠত দেওবাৰে ভাকুটকুটীয়া বেতগুটিৰ সতীৰ্থ মহা মিলন অনুষ্ঠান অনুষ্ঠিত হয়।মুন আহমেদে সভাপতিত্ব কৰা মহামিলন অনুষ্ঠানত বিভিন্ন গীত মাত, নাচ গান, কবিতা আবৃত্তিকে আদি কৰি বিভিন্ন হাস্য বেঞ্জক অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন আৰু কেক কাটি উদ্বোধন কৰা মহামিলন অনুষ্ঠানত ৰাজ্য তথা বহি ৰাজ্যৰ বহু বেতগুটি বেতগুটিয়নী সদস্য সদস্যা সকল উপস্থিত থাকে।
Tags:
Art & culture