জোনাইৰ মধুপুৰ আৰু অৰুণ চাপৰিত এতিয়া অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙক আদৰিবলৈ নৃত্য গীতেৰে বিৰাজ কৰিছে ।
নিচাময় ফাগুনৰ শৰত, শীতৰ ঠেৰেঙা জাৰত উৰি যায় নঙতা গছৰ বেজাৰো । তেনে সময়তে শিমলো, মদাৰ, কম্বং ফুলৰ ৰঙে, ৰঙীয়াল কৰি তুলে পৃথিৱীক । আৰু তেনে বতৰতে অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিং সকলে সাজু হৈ উঠিছে মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙক আদৰিবলৈ । কাৰণ ফাগুনৰ প্ৰথমটো বুধবাৰত মিচিং সকলে পালন কৰে মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙ । এনে সময়তে আলি আঃয়ে লৃগাঙক আদৰিবলৈ সাজু হৈ পৰিছে জোনাইৰ মধুপুৰ আৰু অৰুণ চাপৰি গাঁৱৰ মিচিং ৰাইজ । মধুপুৰ আৰু অৰুণ চাপৰি গাঁৱৰ ৰাইজৰ উদ্যোগত ফাগুনৰ প্ৰথমটো বুধবাৰৰ পৰা দুদিনীয়াকৈ উৎযাপন কৰিবলগীয়া মিচিং সকলৰ আলি আঃয়ে লৃগাঙৰ বাবে বুধবাৰে পৰম্পৰা ৰীতি-নীতিৰে স্হাপন কৰে লৃগাঙৰ লাইখুটা ।
লাইখুটা স্থাপনৰ উদ্ধোধন কৰে তুলাৰাম মৰাঙে । লাইখুটা স্থাপনৰ উপলক্ষে গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-মেতা আদি সকলোৱে গোমৰাগ চঃমান ঐনিতমেৰে মুখৰিত হৈ পৰে মধুপুৰ আৰু অৰুণ চাপৰি গাঁৱৰ আকাশে-বতাহে । ইফালে ফাগুনৰ প্ৰথমটো বুধবাৰে দুদিনীয়াকৈ উৎযাপন কৰিবলগীয়া আলি আঃয়ে লৃগাঙ উৎযাপনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মহেন্দ্ৰ পাদুন আৰু সম্পাদক জিতু কুম্বাঙে আগন্তুক আলি আঃয়ে লৃগাঙত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎযাপন কৰাৰ লক্ষ্যৰে প্ৰস্তুতি ব্যাপক ভাৱে চলাই থকা হৈছে বুলি সদৰি কৰে ।