মই ড০ অমিয়া ভূঞা, MLA বিহপুৰীয়া, কাক কথা কৈছে ঐ'- ধমক দিয়া মহিলা আৰক্ষী বিষয়াই লগে লগে উভতি ধৰিলে বিধায়ক অমিয়ক।
'হেল্ল, গুড মৰ্ণিং, মই MLA ড০ অমিয় ভূঞা, বিহপুৰীয়া। মানুখিনি হাৰাশাস্তি নকৰিব। মোৰ এৰিয়াৰ মানুহ। মিচিং মানুহ, আপুনি নিশ্চয় জানে, সেইসকল মানুহ কেনেকৈ চলে। মানুহখিনি হাৰাশাস্তি নকৰিব। কাক কথা কৈছে ঐ, জানেনে নাই মই কোন?'-এনেদৰে এইবাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াক ধমক দিলে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই।
লগে লগে বিধায়কজনক উভতি ধৰে জোনমণি ৰাভা নামৰ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, 'আপুনি এনেকৈ এইটো সুৰত কথা কৈছে যে, আপুনি চৰকাৰক কি উত্তৰ দিব? মন্ত্ৰী বিধায়ক হৈ এনেকৈ কথা কৈছে যে? আপোনালোকেই নিয়ম নিৰ্ধাৰণ কৰি আমাক ভংগ কৰিবলৈ দিলে কেনেকৈ হ'ব? মিচ বিহেভ নকৰিব। মোৰ এছ পিৰ সৈতে আপুনি কথা পাতক।'
এই ঘটনাটো কেইমাহ মান আগৰ। মাজুলীত নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতে ৰাজ্যজুৰি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল এটা ইঞ্জিনৰ নাও চলাচলৰ ক্ষেত্ৰত। তেতিয়াই ধুনাগুড়ি ঘাটত আৰক্ষী বিষয়াগৰাকীয়ে নাও জব্দ কৰাত এনেদৰে বিধায়ক ভূঞাৰ ধমক শুনিবলগীয়া হৈছিল।
Tags:
politics