আজিৰ পৰা আৰম্ভ মাজুলী নিমাটী ফেৰী সেৱা
আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাটী ৰ মাজত চলাচল কৰা ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি আৰু নদীত কাঠ আৰু জাবৰ উটি অহাৰ বাবে যোৱা ৫ চেপ্তেম্বৰৰ পৰা বন্ধ হৈ আছিল মাজুলী নিমাটী ফেৰী সেৱা । যোৱা কালিৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস পোৱাৰ বাবে পুনৰ আৰম্ভ হৈছে মাজুলী নিমাটী ৰ মাজত চলাচল কৰা হৈছে এই ফেৰী সেৱা । মাজুলীৰ অফলামুখ ঘাটৰ পৰা ইতিমধ্যে আজি এখন ফেৰী নিমাটী অভিমুখে ৰাওনা হৈছে ঠিক তেনেদৰে নিমাটী ঘাটৰ পৰা এখন ফেৰী মাজুলী অভিমুখে আহিছে । যদি পানী এনেদৰে হ্ৰাস পাই থাকে কালিলৈৰ পৰা পুনৰ আগৰ সময় সুচী অনুসৰি ফেৰী সেৱা চলাচল কৰিব ।
Tags:
Assam news
