গোগামুখ পাৰঘাট মিচিং গাঁৱত কন কন শিশু হঁতে উদযাপন কৰিলে মিচিং ভাষা স্বীকৃতি দিৱস।
পাঁচবছৰীয়া পতিন আ:অ দলয়ে ককা নন্দেশ্বৰ দলেৰ কোলাত উঠি পতাকা উত্তোলন কৰাৰ দৃশ্যই সকলোকে মুহিত কৰিলে ।
মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা প্ৰাক্তন কৃতি শিক্ষক মিগাং নন্দেশ্বৰ দলেৰ পাচঁ বছৰীয়া নাতি পতিন আ:অ দলেয়ে উত্তোলন কৰিলে মিচিং আগম লঙেৰ কেন্দ্ৰীয় পতাকা।১৯৮৫ চনৰ পৰা গোগামুখ পুৰণা পাৰঘাট গাঁৱত মিচিং আগম কেবাঙৰ প্ৰাক্তন উপসভাপতি নন্দেশ্বৰ দলেয়ে গাঁৱৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক লগত লৈ উদযাপন কৰি আহিছে মিচিং ভাষা স্বীকৃতি দিৱস অনুষ্ঠান।
Tags:
Assam news
