Share on Facebook

নামনী অসমৰ গোৱালপাৰা জিলাত অতি বিতৰ্কৰ সৃষ্টি কৰা মিঞা মিউজিয়াম চৰকাৰী নিৰ্দেশত জিলা প্ৰশাসনে কৰিলে শ্বিল : অনশনত বহাৰ পিছত দুজনক আটক।

 নামনী অসমৰ গোৱালপাৰা জিলাত অতি বিতৰ্কৰ সৃষ্টি কৰা মিঞা মিউজিয়াম চৰকাৰী নিৰ্দেশত জিলা প্ৰশাসনে কৰিলে শ্বিল : অনশনত বহাৰ পিছত দুজনক আটক।



নামনী অসমৰ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কংগ্ৰেছ(ই) বিধায়ক শ্বেৰমান আলি নিজ দল আৰু শাসণাধিস্থ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ সৈতে সংঘাত তথা বিভিন্ন বিতৰ্কত সোমাই জেল হাজোতৰ পৰা ওলাই আহি মিঞা মিউজিয়াম লৈ পুনৰ ৰাজ্যত বিতৰ্কত সোমাই পৰে নিজ দল কংগ্ৰেছ(ই) ৰ পৰা বহিস্কাৰ হোৱা ঘটনা সৰ্বজন বিদিত । কিন্তু এইবাৰ বিধায়ক শ্বেৰমান আলিৰ উচতনিত গোৱালপাৰা জিলাৰ লক্ষীপুৰত এক চৰকাৰী আবাস গৃহত মিঞা মিউজিয়াম স্থাপন কৰাৰ পিছত সমগ্ৰ ৰাজ্য তথা দেশ জুৰি তীব্ৰ সমালোচনাৰ সৃষ্টি কৰাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গোৱালপাৰা জিলা প্ৰশাসনৰ তৎপৰতাত লক্ষীপুৰ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে তাত উপস্থিত হৈ শ্বিল কৰি দিয়ে। মূলতঃ জিলাখনৰ জলেশ্বৰ অঞ্চলৰ ডাপকাৰভিটা গাওঁত স্থাপন কৰা মিঞা মিউজিয়াম জিলা প্ৰশাসনে বন্ধ কৰি দিয়াৰ পিছত মিউজিয়াম কমিটিৰ সভাপতিৰ নেতৃত্বত অনশনত বহিছিল ।কিন্তু এই খবৰ পোৱাৰ পিছত জিলা আৰক্ষী প্ৰশাসনে তৎমুহূৰ্ততে সভাপতি মহৰ আলি আৰু উপ সভাপতি আব্দুল বাটেনক আটক কৰি লৈ আহে।এতিয়া দুয়োগৰাকী গোৱালপাৰা জিলা সদৰ থানাত আৰক্ষীৰ জিম্মাত আটকাধিন হৈ আছে বুলি বাতৰিটোত প্ৰকাশ।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم