ধেমাজি জিলাৰ গোগামুখত ৮ বছৰ অনুৰ্ধ্বৰ টাইকোৱাণ্ডো বাছনি শিবিৰ অনুষ্ঠিত
ধেমাজি জিলাৰ গোগামুখত ৮ বছৰ অনুৰ্ধ্বৰ শিশু খেলুৱৈসকলৰ বাবে এক টাইকোৱাণ্ডো বাছনি শিবিৰ সফলতাৰে অনুষ্ঠিত হৈ যায়। গোগামুখ ৰিজ’লিউচন একাডেমীৰ আতিথ্যত আৰু ধেমাজি জিলা টাইকোৱাণ্ডো এছ’চিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত শিবিৰখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক শিশু খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
উক্ত বাছনি শিবিৰখনৰ শুভ উদ্ধোধন কৰে গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে। উদ্ধোধনী অনুষ্ঠানত তেওঁ শিশু খেলুৱৈসকলক খেলৰ জৰিয়তে শাৰীৰিক আৰু মানসিক বিকাশৰ গুৰুত্ব সন্দৰ্ভত দিহা-নিৰ্দেশনা আগবঢ়ায়।
অনুষ্ঠানত ডাঃ পেগুক সহায় কৰে গোগামুখ ৰিজ’লিউচন একাডেমীৰ সঞ্চালক শচীন্দ্ৰ দলে আৰু ধেমাজি জিলা টাইকোৱাণ্ডো এছ’চিয়েছনৰ সম্পাদক খগেন কোঁৱৰে। তেওঁলোকে জিলা পৰ্যায়ত খেলৰ প্ৰচাৰ-প্ৰসাৰ আৰু নতুন প্ৰতিভা সন্ধানৰ ক্ষেত্ৰত এইধৰণৰ বাছনি শিবিৰৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
উল্লেখযোগ্য যে, উক্ত বাছনি শিবিৰৰ জৰিয়তে নিৰ্বাচিত প্ৰতিভাৱান খেলুৱৈসকলক আগন্তুক সময়ত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে।
