শিৱসাগৰ জিলাৰ দিচাংমুখ খণ্ড বন বিষয়াই পানীদিহিং পক্ষী অভয়াৰণ্যৰ অন্তৰ্গত কাষৰীয়া গাওঁ চিতলীয়াত প্ৰায় ৯কেজি ওজনৰ অজগৰ উদ্ধাৰ কৰে।
চিতলীয়া গাঁৱত এঘৰৰ বাৰীত এটা অজগৰ সাপ উলাই অহাত তথা তয়াকৈ ওচৰৰ বন বিষয়াক খবৰ দিয়াত দিচাংমুখ খণ্ড বনবিষয়াই আহি সমূহ ৰাইজৰ সহযোগত অজগৰটোক উদ্ধাৰ কৰি পানীদিহিং পক্ষী অভয়াৰণ্যত মেলি দিয়া দেখা পোৱা গৈছে।আজি স্হানীয় সমুহ ৰাইজৰ সহযোগত অজগৰ সাপ উদ্ধাৰ কৰে দিচাংমুখ খণ্ড বন বিষয়াৰ কৰ্ম চাৰী শ্ৰীপ্ৰমোদ চেতিয়া,ধনটী দাস , পুষ্পধৰ টায়ে ।সেইয়ে স্হানীয় ৰাইজৰ অনৰুধ যে কেইবছৰ মান আগত যেনেকৈ চিতলীয়া খণ্ড বন বিষয়াৰ কাৰ্যালয় কৰ্মচাৰী ৰাখিছিল তেনেকৈয়ে এতিয়াও ৰখা ব্যৱস্থা কৰিবলৈ চৰকাৰক কাঠৰ অনুৰুধ কৰে।