অসম আৰক্ষীৰ তৃতীয় বৰ্গৰ প্ৰতিবন্ধী পৰীক্ষাৰ খেলিমেলি সম্পৰ্কত ঘিলামৰাত তীব্ৰ প্ৰতিবাদ ।
স্বচ্ছ আৰু নিকা পদ্ধতিৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰ যে পুনৰ বাৰ চুড়ান্ত ব্যৰ্থ হৈছে বুলি প্ৰমাণিত হৈছে।। পঞ্চায়ত আৰু জনসংযোগ চাকৰিৰ নিযুক্তিৰ নামত চুড়ান্ত অনিয়ম সংঘটিত হোৱা পিছত এইবাৰ আকৌ প্ৰতিবন্ধী তৃতীয় বৰ্গৰ নিযুক্তিৰ নামত চুড়ান্ত ব্যৰ্থ হৈছে অসম আৰক্ষী নিযুক্তি বোৰ্ডত। কাৰণ যোৱা ৯/৬/২০১৯ তাৰিখে প্ৰতিবন্ধী তৃতীয় বৰ্গৰ পদত অসম আৰক্ষীৰ বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিছিল। কিন্তু সেইদিনা প্ৰশ্নকাতত ফাদিল হোৱাৰ লগতে বহুতো বিসংগতি সন্দৰ্ভত অভিযোগ উত্থাপিত কৰিছে ঢকুৱাখনা মহকুমাৰ শাখা প্ৰতিবন্ধী সুৰক্ষা সন্থাই। এই সম্পৰ্কত ধেমাজি জিলাৰ একাংশ প্ৰতিবন্ধী পৰীক্ষাৰ্থীয়ে কেইবাটাও দাবীৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰি আবেদন কৰে ।প্ৰতিবন্ধী সকলে অভিযোগ দাখিল কৰা পিছতো আজি পৰ্যন্ত কৰ্তৃপক্ষই প্ৰতিবন্ধী সকলৰ আবেদন সন্দৰ্ভত কোনো সহাৰি নিদিয়াৰ কাৰণে আজি ঘিলামৰাত ঢকুৱাখনা প্ৰতিবন্ধী সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসম আৰক্ষীৰ নিযুক্তিৰ বিসংগতি বন্ধ কৰক। উচ্চ পৰ্যায়ৰ তদন্ত নোহোৱালৈকে নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰক, মুখ্য মন্ত্ৰীয়ে উচ্চ পৰ্যায়ৰ তদন্ত ব্যৱস্থা কৰক, প্ৰতিবন্ধী সকলৰ বিসংগতিপূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰক আদি বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তুলে।ঢকুৱাখনাৰ পৰা পুলিন পেগু,১২ আগষ্ট :-