টাবুৰাম টাইডৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ বন্যা ।
সৰুপথাৰতো আজি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ।
আগম মিগাং" তথা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক টাবুৰাম টাইডৰ আজি গোগামুখত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰাৰ পাছত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাতো ধনশিৰি বাংকে মিচিং সাহিত্য সভাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত প্ৰয়াত টাবু টাইডৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয় । তেওঁৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত শোকত ভাগি পৰে ধনশিৰি মহকুমা মিচিং সাহিত্য সভাৰ বিষয়ববিয়াই । তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে উপস্থিত ৰাইজে ।