গোলাঘাটৰ কাছমাৰীত উদ্বোধন হল আদৰ্শ চিকিৎসালয় ।
গোলাঘাট জিলা দৈয়াং অঞ্চলৰ কাছমাৰীত আজি উদ্বোধন হল এখন অাৰ্দশ চিকিৎসালয় । ৰাজ্যৰ ৮৪ সংখ্যক আদৰ্শ চিকিৎসালয় খন আনুষ্ঠানিক ভাৱে আজি উদ্বোধন কৰিলে অসমৰ স্বাস্থ্য অাৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰীকাই । কাছমাৰীৰ এই চিকিৎসালয়খনে দৈয়াংঙৰ বৃহত্বৰ অঞ্চলৰ লগতে ধনশিৰি মহকুমাৰ অন্তৰ্গত মিৰিগাঁও, বৰপথাৰকে আদি কৰি বহুতো একাংশ অঞ্চলৰ ৰাইজেও লাভ কৰিব সকাহ । উল্লেখ্য যে, চিকিৎসালয়খনৰ ভৱন নিৰ্মাণ সম্পুৰ্ণ হোৱাৰ পাছত দীৰ্ঘদিন ধৰি কেইবা বছৰো পৰিতপ্ত অৱস্থাত পৰি আছিল । সেই সন্দৰ্ভত বহুবাৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগতে ৰাইজে চিকিৎসালয় খন মুকলি হোৱাৰ দাবী জনাই আহিছিল । অাজিৰ পৰা সেই বহু দিনীয়া সমস্যাৰ অন্ত পৰিল । ইয়াৰ লগতে কাছমাৰী হৈ মিৰিগাঁও বৰপথাৰ সংযোগী দৈয়াং নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে অসম চৰকাৰলৈ আহ্বান জনায় ।চিকিৎসালয়খনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা উপায়ুক্ত ধিৰেন হাজৰিকা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, গোলাঘাট সমষ্টিৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, এপেস্ক বেংক লিমিটেডৰ উপ সভাপতি বিশ্বজিৎ ফুকনকে ধৰি স্বাস্হ্য বিভাগৰ বহু গণ্যমান্য ব্যক্তি ।