গৃহহীন দুৰ্ভগীয়া পৰিয়ালক বিনামূলীয়াকৈ ঘৰ সাজি দিলে মিচিং জনগোষ্ঠীৰ তিনি দলীয় সংগঠনে।
স্বামীৰ সন্ধানৰ বিচাৰি কাতৰ আহ্বান পত্নী।ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰষামুখ গাঁও পঞ্চায়তৰ অন্তৰ্ভূক্ত উজনি আৰু মাজ বৰষামুখ গাঁৱৰ এটি গৃহহীন দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালক মিচিং জনগোষ্ঠীৰ তিনি দলীয় সংগঠনে বিনামূলীয়াকৈ এটি ঘৰ সাজি দিয়ে।
পবিত্ৰ মিলি নামৰ মানসিক বিকাৰগ্ৰস্ত ব্যক্তি জনৰ গৃহহীন পৰিয়ালটোৰ গৃহটো মিচিং জনগোষ্ঠীৰ দলীয় সংগঠনৰ প্ৰায় অৰ্ধশতাধিকৰো অধিক লোকে পৰিশ্ৰম কৰি নিৰ্মাণ কৰি দিয়ে।
প্ৰায় ডেৰ বছৰো অধিক দিন নিৰুদেশ হোৱা পবিত্ৰ মিলিৰ ক'ত কেনেকৈ বসবাস কৰি আছে কোনেও শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখযোগ্য যে পবিত্ৰ মিলিৰ পত্নী য়াকাচী মিলি দুটা এমাডেমা সন্তান লগত লৈ মানুহৰ ঘৰে ঘৰে দিন হাজিৰা আৰু ৰন্ধা বঢ়া কৰি জীৱন নিৰ্বাহ কৰি আহিছিল।
মিচিং জনগোষ্ঠীৰ দলীয় সংগঠনে বিনামূলীয়াকৈ গৃহটো নিৰ্মাণ কৰি দিয়া কাৰণে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
স্বামীৰ নিৰুদেশ হোৱা কাৰণে দুখে কুলাই নধৰা পত্নীৰ কান্দোনৰ ৰোল বৈছে দৈনন্দিন জীৱনত।
তেখেতক যতেই কোনো সদাশয় ব্যক্তিয়ে দেখা পালে সন্ধান দিবলৈ তলত দিয়া নংত অনুৰোধ জনাইছে অসম বাসী ৰাইজৰ ওচৰত দুৰ্ভগীয়া পত্নীয়ে।