লখিমপুৰ জিলাৰ লখিমপুৰ উন্নয়নখণ্ডৰ ঘূণাসুঁতিৰ লখিমপুৰ সমাজ কল্যাণ বিভাগৰ অধীনৰ জামুগুৰি অংগনাবাদী কেন্দ্ৰত শিশুৰ অধিকাৰ,প্ৰাপ্য খৰ্ব কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।
যাৰ প্ৰতিবাদত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জামুগুৰি গাঁৱৰ অৰ্ধশতাধিক ৰাইজে ।
ৰাইজে অভিযোগ কৰা অনুসৰি জামুগুৰি অংগনাবাদী কেন্দ্ৰৰ পৰিচালিকা প্ৰমিতা টাইডে চৰম মইমতালিৰে শিশুৰ বাবে অহা সামগ্ৰী সমূহ শিশুক প্ৰাপ্য মতে বিতৰণ নকৰি হস্তগতহে কৰিছে ।
প্ৰতিজন শিশুৰ বিপৰীতে অহা সামগ্ৰী সমূহৰ আধা হে প্ৰদান কৰা হৈছে তথা আধা তেওঁ হস্তগত কৰিছে ।
অভিযোগ অনুসৰি,শিশু সকলৰ বাবে অহা বস্ত্ৰ শিশু সকলক দিয়াৰ সলনি পৰিচালিকা গৰাকীৰ স্বামীয়েহে ব্যৱহাৰ কৰিছে বুলি জানিব দিয়ে ।
ৰাইজে অভিযোগ কৰা অনুসৰি ভালকৈ শিশু সকলক পঢ়োৱাবও নাজানে তথা কোনো দিন কেন্দ্ৰত উপস্থিত নহয় ।
এই সন্দৰ্ভত ৰাইজে কেন্দ্ৰ পৰিচালিকা গৰাকীৰ সৈতে আলোচনাত মিলিত হৈছিল যদিও কোনো ফল নধৰাত আজি ৰাইজে কেন্দ্ৰটোৰ সন্মুখত ৰৈ তীব্ৰ প্ৰতিবাদ কৰে । প্ৰতিবাদী ৰাইজে শিশুৰ অধিকাৰ প্ৰদান কৰক , অংগনাবাদী কেন্দ্ৰৰ কৰ্মী হায় হায় , সমাজ কল্যাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰক আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । প্ৰতিবাদী ৰাইজে কেন্দ্ৰ পৰিচালিকা টাইডক আতৰাই অন্য সুদক্ষ কৰ্মী প্ৰদান কৰিবলৈ দাবী জনাইছে । উল্লেখযোগ্য যে, ৰাইজে লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ চুপাৰ ভাইজাৰো এই লুণ্ঠন প্ৰক্ৰিয়াত জড়িত থকাৰ সন্দেহ কৰিছে ।
পল্লব মিল/লখিমপুৰ