লখিমপুৰত পকীপথত কঠীয়া ভূঁই ৰুই অভিনৱ প্ৰতিবাদ।
লখিমপুৰ জিলাৰ আনন্দ বাগানত ৰূপহী পথ নিৰ্মাণ কাৰ্যত অসন্তুষ্ট ৰাইজ
নিম্নমাণদণ্ডৰ কাম কৰাৰ অভিযোগেৰে বন্ধ কৰিলে নিৰ্মাণ কাৰ্য ।
লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ আনন্দ বাগানত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আনন্দ বাগান - ৰূপহী পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰি আজি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিৰ্মাণ কাৰ্য অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে ৷
২০১৭- ১৮ বৰ্ষতেই আৱন্টিত হোৱা পথটো নিৰ্মাণত আচৰিতভাৱে অত্যন্ত পলম হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছিল যদিও আজি ঠিকাদাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিলেও পথটো নিৰ্মাণত ঠিকাদাৰে অত্যন্ত নিম্নমাণদণ্ডৰ কাম কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে ৷
পথটো নিৰ্মাণ কাৰ্যৰ দায়িত্বত আছে বিভাগীয় ঠিকাদাৰ মিন্টু ভৰালী
ৰাইজে সাংবাদিকৰ আগত অভিযোগ কৰামতে পথটোত ৰূলাৰ ভালদৰে নমৰাকৈয়ে আজি পথটোৰ এক নং দক্ষিণ ৰূপহী অংশত মাটিৰ ওপৰতেই আজি পকীকৰণ কৰি থকা হৈছিল ।
যি কাণ্ড প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে
। প্ৰায় ছয় ইঞ্চি মাটিৰ ওপৰতেই দুৰ্নীতিৰে ধেলাই মাৰিছিল শ্ৰমিক সকলে ।
নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত কামটোৰ গুণাগুণ প্ৰত্যক্ষ কৰিবলৈ আচৰিতভাৱে উপস্থিত নাছিল ঠিকাদাৰ, মহৰী, অভিজ্ঞ মিস্ত্ৰী কিম্বা অভিযন্তা ।
ৰাইজে অভিযোগ কৰা অনুসৰি, চিমেণ্ট বালিৰ মছলাতো তথা চেণ্ড গ্ৰেভেল ব্যৱহাৰ নকৰাকৈ ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিম্নমানৰ কৰা হৈছে নিৰ্মাণ কাৰ্য ।
যাৰ বাবে আজি কৰা পকী পথত কঠিয়া ভুই ৰুই অতি নিম্নমানৰ কামৰ প্ৰতিবাদ কৰে ৰাইজে ।
। আনহাতে কামটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি উন্নতমানৰ কৈ কাম নকৰা প্ৰৰ্যন্ত ৰাইজে নিৰ্মাণ কৰিবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিছে ।
পল্লব মিলি ৰিপৰ্ট, লখিমপুৰ
