আজি ১৫ আগষ্ট। সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ আজি স্বাধীনতা দিৱস।দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত মহকুমাৰ উদ্যোগত আয়োজন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস।শ্বহীদ তৰ্পনৰ পিছতেই মহকুমাধিপতি অৰিন্বম বৰুৱাই পতাকা উত্তোলন কৰে আৰু লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়।
#ইফালে কৰোণা মহামাৰীৰৰ বাবে এইবাৰ কেৱল-অসম
আৰক্ষী,চি,আই এচ এফ আৰু এটা গৃহৰক্ষী বাহিনীৰ জোৱানেহে প্ৰদৰ্শন কৰা দেখা যায় পেৰেড।কুভিডৰ বাবে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশনা অনুসৰি সকলোৱে মাস্ক, সামাজিক দূৰত্ব অৱস্থান কৰা পৰিলক্ষিত হয়।
@পুলিন পেগু/ঢকুৱাখনা