৭৩ সংখ্যক স্বাধীনতা দিৱস লৈ মাজত মাথো এটা দিন বাকী। কৰনা ভাইৰাছৰ বাবে নাই পূৰ্বৰ দৰে উছাহ। কনকলতা, মুকুন্দ কাকতি স্মৃতি বিজড়িত গহপুৰতো অতি কম লোকৰ সমাগমেৰে উদ্জাপ কৰা হব স্বাধীনতা দিৱস।নাথাকিব পূৰ্বৰ দৰে ছাত্ৰ ছাত্ৰীৰ সমাগম।
গহপুৰত স্বাধীনতা দিৱসৰ দিনা বিশেষ ভাৱে সক্ষম এগৰাকী কিশোৰীয় দেশপ্ৰেমমূলক গীতৰ নৃত্য পৰিৱেশন কৰিবলৈ অব্যাহত ৰাখিছে অনুশীলন। গহপুৰৰ ৰজাবাৰী ক্ষুদ্ৰ মৎস ব্যৱসায়ী জনতা কামানৰ একমাত্ৰ কণ্যা ৰাণী কামান বিশেষ ভাৱে সক্ষম এগৰাকী কিশোৰী। এখন ভৰিৰে নৃত্য কৰি গহপুৰলৈ সুনাম কঢ়িয়াই ৰাণীয়ে ৰাভা সঙ্গীত, জ্যোতি সংগীত লগতে বিহু, ঐনিতম, গুমৰাগ, আধুনিক নৃত্য এখন ভৰিৰেই পৰিবেশন কৰি চমক সৃষ্টি কৰি আহিছে। আগন্তুক স্বাধীনতা দিৱস উপলক্ষে নৃত্য প্ৰদৰ্শন কৰিবলৈ নবম শ্ৰেণীৰ ছাত্ৰী ৰাণী কামানে নিজ গৃহতে চলাই আছে আখৰা। ইতিপূৰ্বে কেইবাবাৰো স্বাধীনতা দিৱসত দেশ প্ৰেমমূলক গীতৰ নৃত্য প্ৰদৰ্শন কৰা বুলিও জানিবলৈ দিয়ে শিল্পী গৰাকীয়ে।গহপুৰৰ পৰা মহেন্দ্ৰ পগাগ।