“অতুল বৰাই হাঁহিছে,ৰাইজে কান্দিছে” ধ্বনিৰে নিকৰি বৰতলত উত্তাল প্ৰতিবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ
বোকাখাত বিধান সভা সমষ্টিৰ নিকৰি বৰতলত আজি বান বিধবস্ত দিচৈ, উত্তৰ মহুৰা অঞ্চলৰ ৰাস্তা ঘাট,দলং নিৰ্মাণ আৰু গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বোকাখাত মণ্ডলৰ নেতৃত্বত দুই শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীৰ অংশগ্ৰহণেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।এ পি চি চি সম্পাদনা তথা কোষাধক্ষ্য তথা গোলাঘাট জিলাৰ তত্বাৱধায়ক ব্ৰজেন সন্দিকৈ, সম্পাদক দাদু টায়ে,জিলা সম্পাদক বকুল হাজৰিকা, জিলা মহিলা কংগ্ৰেছৰ সভাপতি মিনতি দলে, জিলা কংগ্ৰেছৰ সম্পাদক জিতু শইকীয়া আৰু হৃদয়ানন্দ গগৈ, বোকাখাত ব্লক সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, উপ সভাপতি বিপুল দাস, সাধাৰণ সম্পাদকদ্বয় লক্ষী শইকীয়া আৰু কমল কুটুম, সম্পাদক ৰমেন দাস আদিয়ে উপস্থিত থাকে৷নিকৰি জানৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত কংগ্ৰেছ নেতৃত্বই কেন্দ্ৰৰ বি জে পিৰ লগতে স্হানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰাৰ লগতে মন্ত্ৰীত্বৰ পদৰ পৰা পদত্যাগৰ দাবী তুলে৷
মহুৰামুখৰ পৰা বলোৰাম কামানৰ মিছিং লুতাদ৷