গহপুৰত আজি দিন জোৰা কাৰ্যসূচীৰে উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
মন্ত্ৰী গৰাকী পুৱাই আহি উপস্থিত হয় গহপুৰৰ ডিপৰাস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত।
কল্যাণী মাৰ আৰ্শিস লৈ মন্ত্ৰী গৰাকী অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল দৈমালুলৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে কয় যে, কংগ্ৰেছে অসমত নহয় বাংলাদেশ বা পাকিস্তানত হে চৰকাৰ গঠন কৰিৱ।
BTR ত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত। বিজেপিৰ সপক্ষে বতাহ বলিছে।
AGP বা BJP নহয় জয়ী হ'ব পৰা জনক হে প্ৰাৰ্থীত্ব দিয়া হ'ব।
ইয়াৰ পিছতে পাঁচ হাজাৰ চাইকেল¸ মটৰ চাইকেলেৰে দহ কি:মি পথ ৰেলি কৰি কলাবাৰীত উপস্থিত হোৱা কথা মন্ত্ৰী গৰাকী৷ দিনৰ ১ বজাত পুনৰ ২৫ কি: মি পথ মটৰ চাইকেলৰ বিশাল ৰেলি কৰি উপস্থিত হ'ব '৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ বীৰঙ্গণা কনকলতা বৰুৱাৰ জন্ম স্থান বৰঙাবাৰীত ৷ বৰঙাবাৰীত বিয়লি ৩ বজাত GNM nurse school আৰু পেৰা মেডিকেল প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক বিশাল জনসভাত অংশগ্ৰহণ কৰি নিজৰ ভাষণত কয় যে, কংগ্ৰেছ আৰু ৰিপুণ বৰাৰ প্ৰত্যক্ষ প্ৰচেষ্টাতে অসমত মিঞা সংস্কৃতি-সভ্যতা গঢ় লৈ উঠিছে। সভাত মন্ত্ৰী ৰঞ্জিত দত্ত, সাংসদ পল্লব লোচন দাস, বিশ্বজিৎ দৈমাৰী, বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আদি উপস্থিত থাকে।