আজি ঢকুৱাখনাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৃষি মন্ত্ৰী - অতুল বৰাই কয় যে ঢকুৱাখনাত গণ পৰিষদে বিধান সভা নিৰ্বাচনত প্ৰাৰ্থী নিক্ষেপ কৰিব নাই মিত্ৰ দলৰ সৈতে আলোচনা কৰা হ'ব।
তদুপৰি তেওঁ কয় যে অসম গণ পৰিষদ দলক দুৰ্বল কৰিবলৈ এচামে বহু আগৰেপৰা চেষ্টা কৰি আহিছে।এতিয়া নতুন দল খোলাৰ যি ধুম উঠিছে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল প্ৰচেষ্টাত। সেইকাৰণে অসম গণ পৰিষদৰ প্ৰতি জনসাধাৰণ ধাৱমান হৈছে ।
উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি তথা অসমৰ কৃষি মন্ত্ৰী অতুল বৰা,কাৰ্যকৰী সভাপতি তথা জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত,অসম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জিটু বৰগোঁহাই,যুৱ নেতা পদ্মলোচন দলে।