কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়
- চৰকাৰী বন্ধ ৩৪ দিন আৰু ৰেষ্ট্ৰিকটেড হ’লি দ্যে ৩১ দিন ধাৰ্য
- বান গৰাখহনীয়াত খেতি-মাটি-বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে পাব ৫ লাখ টকা পৰ্যন্ত সাহায্য । ঘৰ ক্ষতিগ্ৰস্ত হ’লে ১.৫ লাখ, খেতি মাটিৰ ক্ষতিসাধন হ’লে পাব ১ লাখ টকাৰ সাহায্য।
- চাহ বাগিচাত চলি থকা আঁচনি চোৱাৰ বাবে PMU গঠন কৰাৰ সিদ্ধান্ত।
- মিৰিৰ ঠাইত এতিয়াৰে পৰা হ'ব মিচিং জনগোষ্ঠী।
- মাইক্ৰ ফাইনেঞ্চিয়েল অনুষ্ঠানসমূহ পৰিচালনাৰ বাবে নতুন আইন হ'ব, RBIৰ নীতি-নিৰ্দেশনাৰ জড়িয়তে নিয়ন্ত্ৰণ কৰা হ'ব।
- মাদ্ৰাছা আৰু সংস্কৃত টোলৰ বাবে বিশেষ আইন অনা হ'ব, আগন্তুক বিধানসভাত উত্থাপন কৰা হ'ব ৷ শিক্ষানীতি কিছু সংশোধন কৰি ধৰ্মনিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।
- অগৰৰ খেতিৰ বাবে নতুন পলিচি গ্ৰহণ কৰিছে, এই ব্যৱসায়ীত এতিয়াৰে পৰা নাথাকিব কোনো মধ্যভোগী, উপকৃত হ'ব খেতিয়কসকল।
- ব্যক্তিগত শিক্ষানুষ্ঠান বহুতে অনুমতি নোহোৱাকৈ শিক্ষাদান কৰি আছে। এতিয়াৰে পৰা স্কুল খুলিলেও অনলাইনযোগে ল'ব লাগিব চৰকাৰৰ অনুমতি।