ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূৰ্কংচেলেক ব্লক কমিটিৰ উদ্যোগত অত্যাৱশ্যকীয় সা - সামগ্ৰীৰ মূল্য বৃদ্ধি
ৰোধ কৰাৰ দাবীত জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদকাৰী সকলে ৰাঙপ তিনিআলিৰ পৰা জোনাই বজাৰ হৈ বিভিন্ন শ্লোগান দি সমদল কৰি আহি জোনাই মহকুমাধিপতিৰ কাৰ্যালয় সন্মুখৰ পৰিবেশ উত্তাল কৰি তুলে ৷
মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি - সাধাৰণ সম্পাদক ক্ৰমে সঞ্জয় পেগু আৰু মহাবীৰ
পায়েঙৰ স্বাক্ষৰিত অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা ও বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ
জোনাই মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰদান কৰে ৷ মহকুমাধিপতিৰ হৈ মহকুমা ন্যায়াধীশ দণ্ডাধীশ প্ৰীতম কুমাৰ দাসে স্মাৰকপত্ৰখন গ্ৰহণ কৰে ৷
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দল অসমৰ ৰাজ্যিক সম্পাদক সুশীল পেগু , ধেমাজী জিলা
কংগ্ৰেছৰ উপ - সভাপতি বিজয় পেগু ,মূৰ্কংচেলেক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী অনু দলে ,
হিতেশ পেগু , জৈনাথ দলে , ৰুদ্ৰ দৈমাৰী , অনুজ দলে , প্ৰভাৱতী চাৰহ , ৰুষ্টম পেগু , বিবুতিভূষণ
পেগু , চাবলাই পেগুকে আদি কৰি প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
