মাজুলীত কেইবাটাও জনকৈল্যান কামী কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ বাবে মুখ্য সোনোৱাল উপস্থিত হয়।
দুপৰীয়া ১.৩০ বজাত নামনি মাজুলীৰ অতি পিছপৰা বৰদুৱাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি ১০ গৰাকী মেধা ছাত্ৰীৰ মাজত স্কুতি প্ৰদান কৰে।
এই অনুষ্ঠানতে চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলাৰ লগতে ১৬ খন চৰকাৰী আঁচনিৰ আধাৰশিলা-উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে । মাজুলীৰ ১২১ গৰাকী ছাত্ৰী য়ে স্কুতি পাবলৈ সক্ষম হৈছে।
পিছপৰা বৰদোৱা অঞ্চলত প্ৰথম বাৰৰ বাবে মুখ্য মন্ত্ৰী উপস্থিত হৈ চৰকাৰী আচনি সমূহৰ শুভাৰম্ভ কৰি মাজুলীৰ উন্নয়ন সন্দৰ্ভত নিজৰ মন্ত্ৰব্য ৰাখে।
ইয়াৰ পাছত ৩ বজাত কাকৰিকটা পাবনাত অসমৰ প্ৰথমটো প্লাষ্টিক বটলেৰে নিৰ্মিত অংগণবাদী কেন্দ্ৰৰ গৃহ উদ্বোধন কৰে ।
দুপৰীয়া ৪ বজাত দৰিয়াৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে
ইয়াৰ পাছতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগকে ধৰি চৰকাৰী বিভাগসমূহৰ কামকাজৰ পৰ্যালোচনা।