Share on Facebook

আহি পালে আলি আয়ে লৃগাং; মাজুলীত মিচিং ডেকা-গাভৰুৰ ব্যাপক প্ৰস্তুতি

 নদীদ্বীপ মাজুলীৰ প্ৰান্তে প্ৰান্তে এতিয়া মিচিং জনজাতিসকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ পূৰ্ণ আয়োজন চলিছে। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।



এই উদ্দেশ্যে মিচিং বসতি প্ৰধান মাজুলীৰ গাঁৱে-ভূঁয়ে ডেকা-গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্য-গীতৰ আখৰা আৰম্ভ কৰিছে।


উল্লেখযোগ্য যে এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰা হৈছিল যদিও  আজিৰ পৰা প্ৰায় ৫০ বছৰ   আগৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰটোত ইয়াক পালন কৰি অহা হৈছে।


মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ, ‘আঃয়ে’ মানে হ’ল ফল আৰু ‘লৃগাং’ মানে সিঁচা ৷ অৰ্থাৎ এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়াভাৱে ভোজভাত খাই নানান নৃত্য-গীতেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে।


মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ’ব, তেতিয়া শস্যৰ উৎপাদন নহ’ব। সেয়ে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰাটো মিচিংসকলৰ এক পৰম্পৰাৰ এক অংশ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم