অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ উদ্যোগত তথা জোনাই ৰয়েল ৰাইৰ্দাচৰ সহযোগত ৩ , ৪ আৰু ৫ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই শিশু উদ্যানত জনজাতি মহোৎসৱত অনুষ্ঠিত কৰা হয় ৷
এই জনজাতি মহোৎসৱত জনজাতি সকলৰ খাদ্য - বস্ত্ৰৰ প্ৰদৰ্শনী মেলা , শিশুসকলৰ মাজত বিভিন্ন
প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ লগতে নিজ নিজ জনগোষ্ঠীৰ কলাসংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা
কেবাজনো শিল্পীক সম্বৰ্ধনা জনোৱাৰ লগতে অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ Managing Director
ACS বিষয়া জাদব পেগুৰ স্বাক্ষৰিত মানপত্ৰ প্ৰদান কৰা হয় ৷
জোনাই গাৱঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বৰিয়ে উদ্বোধন কৰা যোৱা কালিৰ সাংস্কৃতিক সন্ধিয়াত বিভিন্ন
জনজাতি জনগোষ্ঠীৰ নৃত্য - গীত আদি পদৰ্শন কৰা হয় ৷ এই অনুষ্ঠানত জোনাই ৰয়েল ৰাইৰ্দাচৰ সভাপতি
- সম্পাদক ক্ৰমে ডা° জ্যোতিষ দলে , ওপৰিও কেবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷