ঢকুৱাখনাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰী তাৰিখে আয়োজন কৰা হ'ব মিচিং জনগোষ্ঠীৰ TMPK ৰ সোণালী জয়ন্তী বৰ্ষ।
সেয়েহে সোণালী জয়ন্তী বৰ্ষ সফল ৰূপায়ণৰ বাবে আয়োজক সমিতিয়ে দিন ৰাতি একাকাৰ কৰি নিৰ্মাণ কৰিছে সুবিশাল মণ্ডপ, পেণ্ডল,ভোজনালয়,অতিথিশালা, মুৰংঘৰ আৰু মূল তোৰণ,
মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েঙক।
অন্যহাতে নিশালৈ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী পাপন মহন্তক।
সোণালী জয়ন্তী বৰ্ষ সফল ৰূপায়ণৰ বাবে জাতি, বৰ্ণ, ভাষা ,ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ বাবে TMPKৰ অভ্যৰ্থনা সমিতিয়ে কামনা কৰিছে।