ঢকুৱাখনা মহকুমাৰ বৃহত্বৰ সোণাৰি চাপৰি অঞ্চলৰ এগৰাকী শিক্ষানুৰাগী ব্যক্তি দিব্য খনিকৰ আৰু পূণ্যৱতী সোণোৱাল খনিকৰৰ কণ্যা লোকপ্ৰিয়া খনিকৰে ২ ইঞ্চি দীঘল-১.৫ ইঞ্চি বহল ৪৬ পৃষ্ঠাৰ এখনি অতি ক্ষদ্ৰ গল্প সংকলন প্ৰকাশ কৰি শেহতীয়াকৈ অসম বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষৰ স্বীকৃতি লাভ কৰিছে।
#বৰ্তমান শিৱসাগৰ মহাবিদ্যালয়ত ইংৰাজী সাহিত্যত মেজৰ লৈ স্নাতক দ্বিতীয় বৰ্ষত পঢ়ি থকা ছাত্ৰী লোকপ্ৰিয়া খনিকৰে সুন্দৰ সংগীতো চৰ্চা কৰে।
#লোকপ্ৰিয়া খনিকৰে লকডাউনৰ মাজতে লেখি উলিয়াই প্ৰকাশ কৰা ক্ষুদ্ৰাকৃতিৰ গ্ৰন্থখনিৰ নাম হ'ল-"আশা"।ইয়াত আছে
এটা মাত্ৰ বাক্যৰে লেখা ৪০ টাকৈ গল্প।
Pulin pegu Report, Mising lutad
