লখিমপুৰৰ নাওবৈচাত ৰোগী,আৰু ডাক্তৰৰ মাজত মাক্স পিন্ধা নিপিন্ধাক লৈ দুৰ্বাদল কাজিয়া।
চিকিৎসাৰ বাবে যোৱা ৰোগীৰ মাতৃক মৰিয়াই গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিলে ডাক্তৰে।
এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ গড়চিগা ৰাজ্যিক চিকিৎসালয়ত
মহিলা ডাক্তৰ মমতা যাদৱৰ বিৰূদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ আনিছে চিকিৎসাৰ বাবে যোৱা এগৰাকী ৰোগীৰ মাতৃয়ে।
আজি সংঘটিত হোৱা এই ঘটনাত ৰোগাক্ৰান্ত পুত্ৰীক চিকিৎসাৰ বাবে লৈ যোৱা মাতৃগৰাকীয়ে মাক্স নিপিন্ধাৰ বাবেই চিকিৎসা কৰাৰ সলনি মৰিয়াই গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিয়ে ডাক্তৰ আৰু চিকিৎসা কৰ্মীসকলে।
তেনে সময়ত চোৱাত ডাক্তৰ মমতা যাদবেও মাক্স পৰিধান কৰা নাছিল বুলি জানিব পৰা গৈছে ।
ৰোগীৰ ভাৱে ভগৱান স্বৰূপ চিকিৎসা কৰ্মীৰ এনে ৰূপ দেখি স্তম্ভিত এতিয়া লখিমপুৰ বাসী।

