জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত তথা মানুহে মানুহৰ বাবে NGO জোনাইৰ সহযোগত জাতিৰ পিতা
মহামানৱ মহাত্মা গান্ধীৰ ১৫২ তম জন্ম জয়ন্তী উপলক্ষে জোনাইত চাফাই অভিযান ৰূপায়ণ কৰে ৷
শনিবাৰে পুৱাই প্ৰথমে জোনাই ব্লক PHC ৰ পৰা জোনাই দৈনিক বজাৰ হৈ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ
সন্মুখৰ গান্ধী মূৰ্ত্তিলৈ এই কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷আনফালে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জোনাই ব্লক
সমিতিয়েও গান্ধী মূৰ্ত্তিত পুষ্ট মাল্যাৰ্পণ আৰু চাফাই অভিযান ৰূপায়ণ কৰে ৷


