Share on Facebook

মুৰ্কংচেলেক উন্নয়ন খণ্ডত সংঘটিত বিয়াগোম দুৰ্নীতি তদন্তৰ দাবী ৷ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট পালন ৷

 অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই  আৰু চিমেন চাপৰি আঞ্চলিক সমিতিৰ উদ্যোগত

 মঙ্গলবাৰে  মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ড কাৰ্যালয়ত এম জি এনৰেগা আঁচনিৰ লগতে বিভিন্ন

 আঁচনিৰ নামত সংঘটিত দুৰ্নীতিৰ ওপৰত উচিত তদন্ত আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকলৰ ওপৰত

 শাস্তিমূলক ব্যবস্থা গ্ৰহণৰ দাবীত দিনৰ 12 বজাৰ পৰা 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।




 মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ড কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম

 জাতীয়তাবাদী যুৱ -  ছাত্ৰ পৰিষদৰ আন্দোলনকাৰীসকলে মুৰ্কংচেলেক উন্নয়ন খণ্ডত সংঘটিত দুৰ্নীতি বন্ধ কৰক, দুৰ্নীতিগ্ৰস্ত বিষয়া গ্ৰেপ্তাৰ কৰক আদি শ্লগানেৰে  পৰিবেশ উত্তাল  কৰে। 

  লগতে  মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ড কাৰ্যালয়ত এম জি এনৰেগা ও   বিভিন্ন আঁচনিৰ ক্ষেত্ৰত

 সংঘটিত দুৰ্নীতিৰ ওপৰত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীত জোনাই মহকুমাধিপতিক এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷



MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم