ধেমাজি জিলাৰ জোনাইৰ মহকুমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ মুনমুনী মাজিআলিৰ 22 খন গাঁৱৰ খেতিয়ক ৰাইজে দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। তদুপৰি ৰাইজে দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ হেমাহিক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
নদীদ্বীপ মুনমুনী মাজিআলি চাপৰিৰ খেতিয়ক ৰাইজে বুধবাৰে এক সংবাদমেল আয়োজন কৰি চৰকাৰৰ ভূমিকাক চোকা সমালোচনা কৰি কয়- 2000 চনৰ পৰা বান সৰ্বস্বান্ত ৰাইজে মুনমুনী মাজিআলি চাপৰিত 22 খন গাঁৱত পুনৰ সংস্থাপন লাভ কৰি স্থায়ীভাৱে বসবাস কৰি কৃষি কাৰ্যৰে জীৱন নিৰ্বাহ কৰি আহিছে।
ইপিনে 2017 চনত অসম চৰকাৰৰ ৰাজহ বিভাগে চাপৰিটোৰ 48,188 বিঘা ভূমি জৰীপ কৰে আৰু খেতিয়ক ৰাইজে চৰকাৰক ভূমি খাজনা আদায় দি আহিছে। তদুপৰি ইতিমধ্যে মুনমুনী মাজিআলি চাপৰিত 6 খন প্ৰাথমিক বিদ্যালয়, এখন এম ভি স্কুল, 2 অংগনৱাড়ী কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ লগতে পঞ্চায়ত আৰু এম এ চিৰ অধীনত বিভিন্ন আঁচনি ৰূপায়ণ হৈছে।
কিন্তু মুনমুনী মাজিআলি চাপৰিৰ গো-পালক ৰাইজও চাপৰিটোৰ গো-চৰণীয়া পথাৰ সুৰক্ষা বাবে দাবী জনাই আহিছে। এই মাজতে চৰকাৰে 2010 চনত চাপৰিটোৰ প্ৰায় 17 হেজাৰ বিঘা ভূমি গো-চৰণীয়া পথাৰ হিচাপে সংৰক্ষিত কৰে।
কিন্তু কৃষক ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ এই গো-চৰণীয়া পথাৰ চৰকাৰে ঘোষণা কৰা বুলি খেতিয়ক ৰাইজে অভিযোগ কৰিছে। তদুপৰি এই গো-চৰণীয়া পথাৰত খেতিয়ক ৰাইজৰ গাঁৱৰ ভূমি অন্তৰ্ভুক্ত হোৱা বুলি খেতিয়ক ৰাইজে অভিযান কৰিছে।
এনেদৰে মুনমুনী মাজিআলি চাপৰিৰ ভূমি গো-চৰণীয়া পথাৰ আৰু কৃষি ভূমি হিচাপে ব্যৱহাৰ কৰা সন্দৰ্ভত গো-পালক ৰাইজ আৰু কৃষক ৰাইজৰ মাজত বৰ্তমানলৈ 17 বাৰকৈ আলোচনাৰ পিছতো সমাধানৰ সূত্ৰ উলিয়াব পৰা নাই।
শেহতীয়া কৈ ৰাজ্য চৰকাৰৰ অভিলাষী 'মিছন বসুন্ধৰা' আঁচনিৰ অধীনত মুনমুনী মাজিআলি চাপৰি 22 খন গাঁৱৰ 12 খন গাঁৱে সুবিধা লাভৰ পৰা বঞ্চিত হোৱাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ফলত ৰাইজে গো-চৰণীয়া পথাৰ সুৰক্ষাৰ নাম উচ্ছেদ হৈ ভূমি হেৰুৱাৰ আশংকাত আতংকৰে দিন পাৰ কৰিব লগা হৈছে।
ফলত খেতিয়ক ৰাইজে মুনমুনী মাজিআলি চাপৰিত গো-চৰণীয়া পথাৰ স্বীকৃতিক শীঘ্ৰে বাতিল কৰি দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধান কৰি 'মিছন বসুন্ধৰা' আঁচনি অধীনত ভূমিপুত্ৰ খেতিয়ক ৰাইজক ভূমিপট্টা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূবন পেগুৰ ওচৰত দাবী জনাইছে।
অন্যথাই কৃষক ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে।