চলিত বৰ্ষৰ পহিলা নৱেম্বৰ ৰ পৰা কমতাপুৰ গঠনৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদ ৰ তীব্ৰ
আন্দোলন: পৰ্যায় ক্ৰমে বিজেপি দল হাতাও অভিযান আন্দোলন: ডঃ নগেন শইকীয়া ক ধিক্কাৰ ।
এসময়ত মহাপুৰুষ জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ ক আশ্ৰয় দি পুণ্য তীৰ্থ ত গঢ়ি তোলা মহাৰাজ চিলাৰায়
আৰু নৰনাৰায়ণ ৰ কোচ ৰাজ্য কমতাপুৰ ত এতিয়া চলিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে
একাংশ ৰাজনৈতিক সাংসদ, মন্ত্ৰী,বিধায়ক আৰু তৰলমটীয়া বুদ্ধিজীৱী আদিৰ কু চক্ৰান্ত তথা ষড়যন্ত্ৰ ৰ
ফলত আজি উক্ত ৰাজ্যৰ প্ৰজা অৰ্থাৎ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰন ৰ অধিকাৰকে ধৰি
নিজ ভাষা সংস্কৃতি,সামাজিক ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশত নিঃশেষ কৰাৰ এক
গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ উপৰি নিজ জনগোষ্ঠীৰ চৰম এই দুৰ্যোগ পূৰ্ণ সময়ত উক্ত শোষণ
লুণ্ঠন ৰ বিৰুদ্ধাচৰণ কৰি ঐতিহাসিক কমতাপুৰ উদ্ধাৰ ৰ অৰ্থে পুনৰ জংগী ৰক্তাক্ত আন্দোলনৰ ঘোষণা
কৰিছে সদৌ কোচ ৰাজবংশী জাতীয় পৰিষদে।
প্ৰাপ্ত বাতৰিৰ তথ্য ত উল্লেখনীয় যে ইতিপূৰ্বে উক্ত কমতাপুৰ ৰাজ্য ত বৰ্ণবাদী অপ সংস্কৃতিক ওফৰাই
জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতি ভেদ পৰিহাৰ কৰি একশৰণ বৈষ্ণৱ শ্ৰী কৃষ্ণৰ
আধাত্মিকতাবাদৰ শান্তিপ্ৰিয় নীতিৰ আধাৰত সমাজ ব্যৱস্থা চলোৱা মহাৰাজ চিলাৰায় আৰু নৰনাৰায়ণ
শাষণাধিস্থ কমতাপুৰ ৰাজ্য ত কালক্ৰমত কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ কু দৃষ্টি
পৰে ।আৰু শাষণাধিস্থ ৰজাঘৰীয়া একাংশ সাংসদ মন্ত্ৰী বিধায়ক আৰু নেতা সকলৰ
ব্যক্তিকেন্দ্ৰিক ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত ব্যাপক বেদশলাত্মক আক্ৰমণ চলাই উক্ত
কমতাপুৰৰ জনগনক
সম্পূৰ্ণ অস্তিত্বহীন কৰি তোলাত উদ্বিগ্নতা আৰু অভিযোগ ৰ মূলতঃ সদৌ কোচ ৰাজবংশী জাতীয়
পৰিষদে আজি এক সভা অনুষ্ঠিত কৰাৰ অন্তত সংবাদ মেলত এইদৰে প্ৰকাশ কৰে যে চৰকাৰী পক্ষৰ
বিৰুদ্ধে তীব্ৰ আন্দোলনৰ সিদ্ধান্ত ঘোষণা কৰিছে সংগঠন টোৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে
বিমল কুমাৰ বৰ্মন আৰু বিশ্বজিত ৰায়ে । উক্ত সংবাদ মেলত নেতাদ্বয়ে অতি ক্ষোভেৰে প্ৰকাশ কৰে যে
কোজ ৰাজবংশী জনগোষ্ঠীৰ সামাজিক ,ৰাজনৈতিক,অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক ,ভাষীক উন্নয়ন
উত্তৰণৰ সৰ্বোৎপ্ৰকাৰৰ কল্যান তথা বিকাশ সাধন ৰ অৰ্থে জনজাতি কৰণৰ ক্ষেত্ৰত বিজেপি
নেতৃত্বাধীন কেন্দ্ৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিত জনগোষ্ঠীটোক নিঃশেষ কৰাৰ এক ব্লুপ্ৰিণ্ট ৰচনা
কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে সাম্প্ৰতিক অবিভক্ত গোৱালপাৰা জিলাৰ চাৰিখন
জিলাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ নামত অসমৰ মুখ্যমন্ত্ৰী ডঃ হেমন্ত বিশ্ব শৰ্মা আৰু
ৰাজ্য চৰকাৰে আগন্তুক উপ নিৰ্বাচন তথা লোকসভা নিৰ্বাচন ৰ বাবে জনগোষ্ঠীটোৰ পৰা পুনৰ ভোট
ভিক্ষা কৰি কোচ ৰাজবংশী ৰ জাতীয় সত্তাক ৰাজনৈতিক ভাবে চিৰদিনৰ বাবে হত্যা কৰাৰ প্ৰয়াস
চলাইছে বুলি প্ৰকাশ কৰে উক্ত সংবাদ মেলত নেতাদ্বয়ে আৰু প্ৰকাশ কৰে যে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ কু
চক্ৰান্ত আৰু একাংশ বুদ্ধিজীৱী ৰ কু মন্ত্ৰনা ৰ ফলত এসময়ৰ কছাৰী ৰাজ্য ৰ লগ সকলে আজি কোচ
ৰাজ্য ত বহিৰাগত ভাষা কৃষ্টি আৰু সংস্কৃতিয়ে দোপদপাই খোপনি পুটিবলৈ সক্ষম হৈছে বুলি তীব্ৰ
বিষদগাৰ কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰন ৰ অধিকাৰ ৰক্ষা ৰ স্বাৰ্থত পৃথক কমতাপুৰ ৰ
ৰাজ্য গঠন ,প্ৰকৃত স্বায়ত্ব শাসন প্ৰৱৰ্তন আৰু জনজাতিকৰণৰ দাবীত পুনৰ চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ
পৰা অৱস্থান ধৰ্মঘট, গ্ৰাম্য অঞ্চলত সজাগতা সভা আৰু গণস্বাক্ষৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ,ভাৰতৰ
ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি মন্ত্ৰীলৈ একোখন কৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ তীব্ৰ গণ
আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে । আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰে ইয়াৰ বাস্তৱ পদক্ষেপ গ্ৰহণ
নকৰিলে পৰৱৰ্তী পৰ্যায়ত বিজেপি দল হাতাও আন্দোলন অভিযান আৰম্ভ কৰিব বুলি সংবাদ তীব্ৰ
ভাবুকি প্ৰদান কৰি বৰাক উপত্যকাত ভাষা বিতৰ্ককলৈ শেহতীয়া ভাবে অসম সাহিত্য সভাৰ প্ৰাক্তন
সভাপতি তথা প্ৰাক্তন সাংসদ ডঃ নগেন শইকীয়া বঙালী জাতিৰ তোষামোদকাৰী মনোভাব ৰ নিকৃষ্টতাৰ
পৰিচায়ক বুলি ধিক্কাৰ দিয়ে।উক্ত সংবাদ মেলত সংগঠন টোৰ কাৰ্যকৰী সভাপতি হৰমোহন মেধিও
বক্তব্য ৰাখে বুলি এই একেটা বাতৰি ত প্ৰকাশ।