জন্মলগ্নৰে পৰা মানৱ অধিকাৰ ৰ সৈতে অবিৰত ভাবে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখা
অসমৰ অন্যতম অগ্ৰণী মানৱ অধিকাৰ ৰ সংগঠন মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ
মাছৰ ৩১ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস নামনি অসমৰ বঙাইগাঁও জিলাৰ টেঙাইগাঁও
লাইব্ৰেৰীয়ান ক্লাৱত মাছৰ বঙাইগাঁও জিলা সমিতি উদ্যোগ ত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে
আজি অনুষ্ঠিত হয়।
প্রাপ্ত বাতৰি মতে আজি ৰাতিপুৱা ৯:৩০বজাত মাছৰ পতাকা উত্তোলন কৰে
কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই ইয়াৰ পিছতেই শ্বহীদ বেদী ত তৰ্পণ আৰু বন্তি
প্ৰজলন কৰে ক্ৰমে শ্বহীদ পৰিয়ালৰ হৈ ভাৰত ৰায় আৰু বেণি মাধৱে একেদৰে বৃক্ষ ৰোপণ
কাৰ্যসূচী ত ৰোপণ কৰে মাছৰ বঙাইগাঁও জিলা সমিতিৰ অধ্যক্ষ বিজয় নাৰায়ণ বৰুৱাই ।
দিনৰ ১১ বজাত মাছৰ কেন্দ্ৰীয় কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত
হোৱা মুকলি সভাখন উদ্বোধন কৰে টেঙাইগাঁও হাই স্কুল ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত
সৰকাৰে ।আৰু উক্ত মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে বিশিষ্ট আইনবিধ
বিজয়ী চৌধুৰী নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে মাছৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা
বুবু মণি গোস্বামী ।একেদৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট আইন বিধ ভূপতি
ৰঞ্জন গোস্বামী, প্ৰতিদিন কাকতৰ সাংবাদিক সুজিত ৰায়,বিশিষ্ট আইন বিধ তপন
দাস,অৱসৰ প্ৰাপ্ত অধ্যাপক বলেন সিংহ ,মাছৰ কেন্দ্ৰীয় সাংগঠনিক সচিব প্ৰফুল্ল কুমাৰ
দাস, আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
কেন্দ্ৰীয় সদস্য ব্ৰজেন ৰায়,গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলাৰ সাধাৰণ
সম্পাদক হাসিবুল হুছেইন ,আৰু মাছৰকেন্দ্ৰীয় মুখ্য সাংগঠনিক সচিব প্ৰশান্ত মদক
আদিয়ে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও জিলা সমিতিৰ সচিব বিকাশ কৰ্মকাৰে।
ইফালে মুকলি সভাৰ আঁত ধৰে মাছৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সচিব লক্ষীপ্ৰসাদ ডেকাই বুলি এই
বাতৰিত জানিব পৰা গৈছে।