Share on Facebook

ধেমাজি ,বঙাইগাঁও ত কেবিনেট বৈঠক পাতি কি অপৰাধ হৈছে? কেবিনেট বৈঠক শীত তাপ নিয়ন্ত্ৰণ কক্ষতকৈ গ্ৰাম্য অঞ্চলত পাতিলেহে জনসাধাৰণৰ উন্নয়নত সাৰ্থক হব : ডঃ হিমন্ত বিশ্ব শৰ্মা।

 ধেমাজি ,বঙাইগাঁও ত কেবিনেট বৈঠক পাতি কি অপৰাধ হৈছে? কেবিনেট বৈঠক শীত তাপ নিয়ন্ত্ৰণ কক্ষতকৈ গ্ৰাম্য অঞ্চলত পাতিলেহে জনসাধাৰণৰ উন্নয়নত সাৰ্থক হব : ডঃ হিমন্ত বিশ্ব শৰ্মা।



সাম্প্ৰতিক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ ৰাজধানী দিছপুৰৰ জনতা ভৱনৰ পৰিৱৰ্তে বিভিন্ন জিলাত অনুষ্ঠিত কৰা অসম বিধানসভাৰ কেবিনেট বৈঠকৰ প্ৰতি প্ৰধান বিৰোধী দল কংগ্ৰেছ( ই) কে ধৰি বিভিন্ন ৰাজনৈতিক দল ,সংগঠন আদিয়ে চৰকাৰ বিৰোধী সমালোচনা কৰি থকা সৰকা কৰাৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ কেবিনেট বৈঠকৰ অন্তত এক  সাংবাদিক মেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন যুক্তি দাঙি ধৰি প্ৰকাশ কৰে যে আজি ইয়াত সপ্তম খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ আগতে বিগত ১৯৫১চনৰ ২৮ডিচেম্বৰত ৰাজধানী শ্বিলং ৰ পৰিৱৰ্তে গুৱাহাটীত অনুষ্ঠিত কৰিছিল কেবিনেট বৈঠক প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে । আৰু যোৱা ১৯৭১চনতো ৰাজধানী শ্বিলং ৰ পৰিৱৰ্তে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে গুৱাহাটীত অনুষ্ঠিত কৰিছিল কেবিনেট বৈঠক ।একেদৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ১৯৮৪ আৰু ১৯৯৪ চনত গুৱাহাটীৰ বৰঝাৰত অনুষ্ঠিত কৰিছিল দুখনকৈ কেবিনেট বৈঠক । ইয়াৰ পিছত ২০১৬চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ধেমাজি জিলাৰ মাজুলীত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল ।পুনৰ এতিয়া২০২১চনত প্ৰথম আৰু দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হল ধেমাজি আৰু বঙাইগাঁও জিলাত।এতিয়া আজি কেবিনেটে আকৌ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰৱৰ্ত্তী ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হব কাৰ্বিআংলং জিলাৰ হাফলং চহৰত।ইয়াৰ মাজত আকৌ এখন কেবিনেট বৈঠক অনুষ্ঠিত হব গুৱাহাটীত ।ইয়াত এতিয়াৰ ৰাজ্য চৰকাৰে কি বেয়া কাম কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেলত মন্তব্য কৰি তেওঁ পুনৰ বিৰোধী ৰাজনৈতিক দল,সংগঠন সমূহক ৰাজনৈতিক শৰ মাৰি আন এক যুক্তি দাঙি ধৰে যে তেওঁৰ মতে এনে কেবিনেট বৈঠকবোৰ গাঁও অঞ্চললৈ নিব লাগে কেৱল দিছপুৰত বহি শীত তাপ নিয়ন্ত্ৰণ কক্ষত কেবিনেট বৈঠক পতাতকৈ তৃণমূল পৰ্যায়ত নিলেহে ৰাজ্যৰ জনসাধাৰণৰ উন্নয়ন তথা পৰম সাৰ্থক হব বুলি প্ৰকাশ কৰে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم