মাজুলীৰ বাবে আজি এক ঐতিহাসিক দিন। যোৰহাট-মাজুলী দলঙৰ প্ৰথমটো খুঁটাৰ শুভাৰম্ভণি
মাজুলীৰ দক্ষিণপাটত দলঙৰ প্ৰথমটো খুঁটাৰ কাম আৰম্ভ হ'ব আজিৰ পৰা। দক্ষিণপাটত নিৰ্মাণ কৰা হৈছে সুবৃহৎ সভাকক্ষ । উপস্থিত থাকিব হাজাৰ-হাজাৰ লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট-মাজুলী সংযোগী দলঙৰ প্ৰথমটো খুটাৰ কামৰ শুভাৰম্ভণি কৰিব । এই কাৰ্যসূচীত উপস্থিত থাকিব মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী বিমল বৰা।
মাজুলীবাসীৰ সপোনৰ দলংখন বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে সকলো কাম। বহু আকাংক্ষিত দলংখনৰ কামৰ আৰম্ভণিক লৈ উৎফুল্লিত মাজুলীবাসী। প্ৰায় ৯২৬ কোটি টকা ব্য সাপেক্ষে দলংখন নিৰ্মাণৰ কাম আৰম্ভ হৈছে। মন্ত্ৰী অজন্তা নেওগক দলংখন নিৰ্মাণৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে।
২০১৬ চনতে মাজুলীত দলংখনৰ নিৰ্মাণৰ ঘোষণা কৰা হৈছিল। ২০২১ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল দলংখনৰ।
Tags:
Assam news