শনিবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ ৰানাঘাটত এটা পৰ্যটন প্ৰকল্প উদ্বোধন কৰে পাচিঘাট পূব সমষ্টিৰ বিধায়ক কালিং ময়ঙে ৷
জানিব দিয়া মতে ঐতিহাসিক পাচিঘাট চহৰ খনক পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিবলৈ CM
innovation challenge fund ৰ পৰা ৩.৫০ কোটি টকা আগবঢ়াইছে ৷ এই প্ৰকল্পটোত
ফটোগ্ৰাফী পইণ্ট , স্বয়ংসেৱী কফি গৃহ , টয়লেট , পাৰ্ক , আৰ চি চি পথ , ট্ৰেকিং পথ আদি
বিভিন্ন দিশ উন্নত মানেৰে নিৰ্মাণ কৰা হব ৷ বিধায়ক ময়ঙে কয় যে এই প্ৰকল্পই চিয়াং নদী
আৰু ৰানাঘাটৰ দলঙৰ কাষৰীয়া অঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে মধ্য আৰু
উজনি অৰুণাচলৰ পৰ্যটনৰ দিশতো এক নতুন ৰূপ দিব ৷
শনিবাৰৰ এই উদ্বোধনী অনুষ্ঠানত পূব চিয়াং জিলাৰ উপায়ুক্ত , আৰক্ষী অধীক্ষক , IRBN ৰ
Commandant , নগৰ উন্নয়ন বিষয়া , পৰ্যটন বিষয়া আদিয়ে অংশগ্ৰহণ কৰে ৷