Share on Facebook

এপিএছ চি পৰীক্ষাত ইংৰাজী আৰু অসমীয়া ভাষা প্ৰত্যাহাৰৰ সিদ্ধান্ত পূৰ্বৰ চৰকাৰৰ দিনত !ডঃ হিমন্ত বিশ্ব শৰ্মা

 এপিএছ চি পৰীক্ষাত ইংৰাজী আৰু অসমীয়া ভাষা প্ৰত্যাহাৰৰ সিদ্ধান্ত পূৰ্বৰ চৰকাৰৰ দিনত !ডঃ হিমন্ত বিশ্ব শৰ্মা


অসম বিধানসভাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ  বিজেপি মিত্ৰজটোৰ চৰকাৰ খনৰ

 বহুচৰ্চিত আৰু বিতৰ্কিত কেবিনেট বৈঠক নামনি অসমৰ বঙাইগাঁও জিলাত অৱস্থিত হল।

কিন্তু উক্ত কেবিনেট বৈঠকত গ্ৰহণ কৰা এক সিদ্ধান্তই ইতিমধ্যে সমগ্র ৰাজ্যখনত তুমুল

 বিতৰ্ক ,ব্যাপক চর্চা আৰু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।প্ৰাপ্ত বাটৰিটোত প্ৰকাশ পোৱা

 মতে অসমৰ এপিএছচি নিযুক্তিৰ ক্ষেত্ৰত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীয়ে এতিয়াৰে পৰা ইংৰাজী

 আৰু অসমীয়া ভাষাত বাধ্যতামূলক পৰীক্ষা দিব নালাগে।এতিয়াৰে পৰা এই এপিএছ চি

 নিযুক্তিত প্ৰাৰ্থীয়ে যিকোনো এটা ভাষাত পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব।কেৱল মাত্ৰ প্ৰাৰ্থী

 গৰাকীৰ শিক্ষাগত অৰ্হতাসহ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থাকিলেই হল।

 এই বিষয় লৈ ইতিমধ্যে সমগ্র ৰাজ্যজুৰি বিৰোধী ৰাজনৈতিক অৰাজনৈতিক দল ,সংগঠন

 আৰু বুদ্ধিজীৱী, বিশিষ্ট নাগৰিক সকলৰ মাজত চৰকাৰ বিৰোধী তীব্ৰ বাক- বিতন্দা আৰু

 গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু বঙাইগাঁও জিলাৰ কেবিনেটত ৰাজ্য চৰকাৰে

 হঠাতে এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিব লগা হৈছে।জানিব পৰা মতে ৰাজ্যৰ মন্ত্ৰী বিধায়ক

 ,আমোলা বিষয়া আৰু একাংশ উচ্চবিত্ত নাগৰিকসকলে নিজ সন্তানক এক ফেচনৰ আৰ্হিত

 পৰি ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষা দিয়াৰ মুলতঃ উক্ত সন্তানে এপিএছ চি বা অন্যান্য

 ক্ষেত্ৰত অসমীয়া ভাষাত পৰীক্ষাত অৱতীৰ্ণ হোৱাত অপাৰগ হয়। ফলত ৰাজ্যখনৰ 

 কেইগৰাকীমান নিবনুৱা তেনে যুৱক যুৱতীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই ভাষালৈ গোচৰ

 তৰিছে যাৰ ফলত এতিয়াও ৰাজ্যত এপিএছ চি পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই। ইফালে

 পূৰ্বৰ বিভিন্ন চৰকাৰেও উক্ত দুটা ভাষাত বাধ্যতামূলক পৰীক্ষা দিবলগীয়া নাছিল।পৰৱৰ্তী

 পূৰ্বৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত কাৰাবন্দী  প্ৰাক্তন অধ্যক্ষ ৰাকেশ

 পালেহে এই দুটা বিষয়ত পৰীক্ষা দিয়াৰ বাধ্যতামূলক কৰিছিল।এতিয়া যোৱা ২৪নৱেম্বৰৰ

 বঙাইগাঁও ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা উক্ত সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধীয়ে

 প্ৰতিবাদ কৰাৰ যুক্তি কত বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে নে এই বিষয়টোৰ ওপৰত ন্যায়ালয়ৰ

 গোচৰৰ সমৰ্থনত ৰাজ্য চৰকাৰে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হল। এতিয়া এয়াই

 হল মূল বিশ্বৰ্যৰ বিষয় !

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم