সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰত উপস্থিত হৈ ১৬৬৯ গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্যক চাৰি লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে ৷
বড়ো জনগোষ্ঠীৰ ঐতিহাসিক বিটিআৰ চুক্তিৰ দফা মৰ্মে প্ৰাক্তন এন ডি এফ বিৰ পুনঃ সংস্থাপন প্ৰক্ৰিয়াৰ অংশস্বৰূপে সোমবাৰে কোকৰাঝাৰ, চিৰাং আৰু গোৱালপাৰা জিলাৰ ১৬৬৯ গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্যক চাৰি লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় ৷ এই উপলক্ষে ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰী বডোফা সাংস্কৃতিক ক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূলসুঁতি লৈ প্ৰত্যাৱৰ্তন কৰা প্ৰাক্তন এনডিএফবি সদস্য সকলক আনুষ্ঠানিক ভাৱে চেক সমূহ বিতৰণ কৰে ৷ অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্য়বাহী সদস্য প্ৰমোদ বড়ো , উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী , ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী অশোক সিংঘল , বিধায়ক লৰেন্স ইছলাৰী , জিৰণ বসুমতাৰী আৰু অসম আৰক্ষী এডিজিপি(বিশেষ শাখা) হিৰেন নাথ বিটিআৰৰ আইজিপি এল আৰ বিষ্ণৈ উপস্থিত থাকে ৷ উল্লেখ্য যে, কালি অৰ্থাৎ ৰবিবাৰে তামোলপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ ওদালগুৰী আৰু বাগছা জিলাৰ ১১০৫ গৰাকী প্ৰাক্তন এনডিএফবি সদস্যক ৪ লাখ টকাৰ চেক বিতৰণৰ কৰিছিল ৷
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।