লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ দুলিডোঙাৰ বিলত গাঁৱৰ স্থানীয় কেইজনমান ব্যক্তিৰ সৈতে জাল মাৰি মাছ ধৰি থকা সময়ত এজনৰ মৃত্যু ।
কিন্তু কেনেকৈ ,মৃত্যু হোৱা লোকজনৰ নাম ঘূণাসুঁতি শুৱনি গাঁৱৰ নীলমণি মিলি ।
নীলমণি মিলিয়ে কেনেকৈ মৃত্যু হল ,সেয়াই ৰহস্যময় হৈ পৰা পৰিলক্ষিত হৈছে।
নীলমণি মিলিয়ে এইখন বিলতে স্থানীয় গাঁৱৰ ব্যক্তিৰ সৈতে একেলগে ছতীজাল মাৰি বুৰ মাৰি মাছ ধৰি থকা অৱস্থাতে মৃত্যু হয়।
বিলত মানুহ থকাৰ স্বত্তেও কেনেকৈ মৃত্যুকসাৱটি লবলগীয়া হল নীলমণি মিলিয়ে?
এতিয়া সকলোৰে মুখে মুখে এই প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে।
এই ঘটনা সংঘটিত হৈছে দিনৰ প্ৰায় 12মান বজাত। মৃত্যু হোৱা ঘটনাত দুখ প্ৰকাশ কৰিছেস্থানীয় ৰাইজে।
Tags:
Lakhimpur news